নগাঁওৰ তিনি দশক ধৰি ওলমি থকা দলঙৰ শুভাৰম্ভণী হ’ব শাৰদীয় দূৰ্গোৎসৱত
পূজাৰ বতৰত নগাঁও চহৰৰ বাসীৰ বাবে এটা ভাল খৱৰ ৷ বিগত তিনি দশক ধৰি ওলমি থকা এখন অতি গুৰুত্বপূৰ্ণ পকী দলঙৰ শুভাৰম্ভণী হ’ব শাৰদীয় দূৰ্গোৎসৱৰ সপ্তমীৰ দিনা ৷ ১৯৮৯ চনতে নগাঁও চহৰৰ ভুঞাপট্টিত কলঙৰ ওপৰত থকা পকী দলং খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল ৷ কিন্তু বিগত সময়চোৱাত ৰাজ্য চৰকাৰৰ সদিচ্ছা অভাৱ আৰু বিভাগীয় ফাইলৰ মেৰপাকত দলং খনৰ দুইটা মূৰ সংলগ্ন হোৱা নাছিল নগাঁও পুলিচ ৰিজাৰ্ভ আৰু ভুঞাপট্টিৰ পথৰ লগত ৷
যোৱা তিনিটা দশক ধৰি যাতায়তৰ বাবে মুকলি নোহোৱা নগাঁৱৰ এই পকী দলং খন সকলোয়ে অভিহিত কৰিছিল ওলমা দলং বুলি ৷ শেহতীয়াকৈ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ প্ৰচেষ্টাত ওলমা পকী দলং খনৰ Approach দুটা নিৰ্মাণ কৰি ন-ৰূপত সাজি উলিয়াইছে কলঙৰ ওপৰৰ দলং খন ৷
নগঞা ৰাইজে বহু আকাঙ্খিত এই পকী দলং খন যাতায়তৰ বাবে অহা ২৩ অক্টোবৰত আনুষ্ঠানিক ভাবে মুকলি কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ যাকলৈ উৎফুল্লিত হৈ পৰিছে নগাঁও পুলিচ ৰিজাৰ্ভ, মিলনপুৰ, ফৌজদাৰীপট্টি আৰু ভুঞাপট্টি অঞ্চলৰ ৰাইজৰ লগতে নগাঁও চহৰবাসী ৷