দিন-দুপৰতে ছাত্ৰীক গুলিয়াই হত্যা।

ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ ফৰিদাবাদত সোমবাৰে কলেজৰ পৰা বাহিৰলৈ ওলোৱা ছাত্ৰীক গুলিয়াই হত্যা কৰে দুৰ্বৃত্তই। দিন-দুপৰতে দুৰ্বৃত্তই ছাত্ৰী গৰাকীক হত্যা কৰি কাৰত পলাই যায়। বি কম ফাইনেল ইয়েৰত পঢ়ি থকা এই ছাত্ৰী গৰাকী বল্লভ গড়ৰ আগৰৱাল কলেজত পৰীক্ষা দিবলৈ আহিছিল। পৰীক্ষাৰ শেষত বাহিৰলৈ ওলাই আহোতেই i20 কাৰত উঠি অহা এজন যুৱকে ছাত্ৰী গৰাকীক বলপূৰ্বকভাৱে গাড়ীত উঠাবৰ চেষ্টা কৰে আৰু বিফল হোৱাত গুলিয়াই হত্যা কৰি যায়।

Comments (0)
Add Comment