Daily Time Axom

মোদী চৰকাৰৰ ডাঙৰ সিদ্ধান্তঃএতিয়াৰে পৰা জন্মু কাশ্মীৰত আপুনিও মাটি লব পাৰিব।

0 15

ডিজিটেল ডেস্কঃ দেশৰ যিকোনো নাগৰিকে মাটি ক্ৰয় কৰিব পাৰিব; মঙলবােৰ অই অধিসূচনা জাৰি কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। অৱশ্যে এই অধিসূচনাত কৃষিকাৰ্যৰ বাবে মাটি লব নোৱাৰিব বুলি উল্লেখ কৰা হৈছে। অধিসূচনাখন ইতিমধ্যেই কাৰ্যকৰী কৰা হৈছে।

জন্মু-কাশ্মীৰৰ ৰাজ্যপাল মনোজ সিন্হাৰ মতে ৰাজ্যত বাহিৰা উদ্যোগ স্থাপিত হব লাগে আৰু ৰাজ্যত এনে উদ্যোগৰ আৱশ্যকতা আছে। আনহাতে খেতিৰ মাটি কেৱল মাত্ৰ ৰাজ্যবাসীৰ হাততহে ন্যস্ত থাকিব বুলি জনায়।

উল্লেখযোগ্য এই অধিসূচনাৰ পিছত জন্মু-কাশ্মীৰত উদ্যোগ, ঘৰ অথবা দোকানৰ বাবে মাটি ক্ৰয়ৰ ক্ষেত্ৰত পূৰ্বৰ দৰে কোনো স্থায়ী বাসিন্দাৰ পত্ৰৰ প্ৰয়োজন নহয়।

Leave A Reply

Your email address will not be published.