৫ দিন ধৰি নিৰুদ্দেশ বৰপথাৰৰ এগৰাকী কিশোৰী ৷

শুকুৰবাৰ নিশাৰ পৰা নিৰুদ্দেশ হৈ আছে গোলাঘাট জিলাৰ বৰপথাৰ বৰপাভজান গাঁৱৰ এগৰাকী কিশোৰী ৷ পিতৃ মাতৃয়ে বহু বিচাৰ খোচাৰ কৰিও কিশোৰীগৰাকীৰ কোনো সন্ধান লাভ কৰা নাই ৷ ইফালে পৰিয়ালে বৰপথাৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও কোনো সম্ভেদ পোৱা নাই কিশোৰীগৰাকীৰ ৷ বিগত ৫ টা দিনে কিশোৰীগৰাকীৰ সম্ভেদ নোপোৱাত অজান আশংকাত ভূগিছে পিতৃ মাতৃ ৷ কোনো লোকে কিশোৰীগৰাকীৰ সম্ভেদ পালে বৰপথাৰ থানাৰ লগতে 6003359462 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পিতৃ মাতৃয়ে।

Comments (0)
Add Comment