Daily Time Axom

কাইলৈ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীৰ পূজা

0 22

কাইলৈ লক্ষ্মী পূজা। ক’ৰোনা সৃষ্ট পৰিস্থিতিৰ মাজতো ৰাজ্যবাসীয়ে পূৰ্বৰ পৰম্পৰা আৰু ৰীতি-নীতিৰে পালন কৰিব ধন ঐশ্বৰ্য্যৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীৰ পূজা।

আহিন মাহৰ পূৰ্ণিমা তিথি অথবা শৰৎ পূৰ্ণিমাৰ দিনাই লক্ষ্মী পূজা পালন কৰা হয়। এই শৰৎ পূৰ্ণিমাৰ দিনাই মা লক্ষ্মী ধৰালৈ আহে বুলি প্ৰবাদ আছে। এই দিনটোতেই ভক্তই মা লক্ষ্মীক পূজা পাতল কৰিলে তেওঁৰ ঘৰত মা লক্ষ্মীয়ে বিৰাজ কৰে বুলি লোকবিশ্বাস অনুসৰি জনা যায়। এইবাৰৰ লক্ষ্মীপূজা কাইলৈ সন্ধ্যা ৫.৪৫ মিনিটৰ পৰা ৩১ অক্টোবৰৰ নিশা ৪.১৮ মিনিটৰ ভিতৰত সম্পন্ন কৰিব লাগিব।

Leave A Reply

Your email address will not be published.