Daily Time Axom

গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশুভাই পেটেলৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

0 13

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে পুৱাই মৃত্যু হয় গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশুভাই পেটেলৰ। উল্লেখ্য যে, ছেপ্টেম্বৰতে কৰোণাৰ কবলত পৰিছিল মুখ্যমন্ত্ৰীগৰাকী। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেশুভাইক নিজৰ গুৰু হিচাপে গণ্য কৰিছিল। দুবাৰকৈ গুজৰাটৰ মুখ্যমন্ত্ৰী পদত বহা কেশুভাই পেটেলৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোডীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মোডীয়ে টুইটাৰযোগে কেশুভাইৰ মৃত্যুত দুখী হোৱাৰ কথা উল্লেখ কৰাৰ লগতে কয় যে সমাজৰ প্ৰতিটো বৰ্গৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা নেতা আছিল কেশুভাই। তেওঁ গুজৰাটৰ বিকাশৰ কাৰণে কাম কৰি গুজৰাটবাসীসকলক সবল কৰি থৈ গৈছে।

Leave A Reply

Your email address will not be published.