প্ৰদূষণমুক্ত দিল্লী গঢ়াৰ উদ্দেশ্যেৰে মুকলি হল গ্ৰীণ দিল্লী এপ
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীক প্ৰদূষণমুক্ত কৰিবৰ বাবে দিল্লী চৰকাৰে হাতত লৈছে এক বিশেষ পদক্ষেপ। এই পদক্ষেপৰ জৰিয়তে দিল্লীবাসী প্ৰতিজন নাগৰিকে প্ৰদূষণৰ সৈতে যুজঁ দিব পাৰিব।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজিৰে পৰা মুকলি কৰা গ্ৰীণ দিল্লী এপ। এই এপটোৰ জৰিয়তে দিল্লীৰ জনসাধাৰণে যিকোনো অঞ্চলতে হোৱা সকেলা প্ৰকাৰৰ পৰিৱেশ প্ৰদূষণৰ অভিযোগ দিব পাৰিব। এই অভিযোগৰ ওপৰত ভিত্তি কৰি প্ৰদূষণৰ সমস্যাসমূহ কম সময়ৰ ভিতৰত সমাধান কৰা হব বুলি মন্তব্য কৰে কেজৰিৱালে।
উল্লেখ্য যে সকলো Android ফোনতেই এই এপটো উপলব্ধ হব। ফটো, অডিঅ আৰু ভিডিঅ আপলোডৰ জৰিয়তে অভিযোগ উত্থাপন কৰিব পাৰিব নাগৰিকে। কেজৰিৱাল চৰকাৰে দিল্লীক প্ৰদূষণমুক্ত কৰিবলৈ লোৱা এই পদক্ষেপ কিমান দূৰ সফল হয় সেয়া সময়ত লক্ষণীয় হব।