মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শুভ উদ্ধোধন কৰে দুলীয়াজান থানাৰ নৱনিৰ্মিত ভৱন

ডিজিটেল ডেস্কঃ মৈত্ৰী আঁচনি অধীনত প্ৰায় ২ কোটি ৫৪ লাখ টকা ব্যয় সাপেক্ষে দুলীয়াজান থানাৰ নৱ নিৰ্মিত ভৱন মুকলি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই আঁচনি জৰিয়তে ৰাজ্যৰ বিভিন্ন স্থানত ইতিমধ্যে বহু কেইখন আৰক্ষী চকী মুকলি কৰা হৈছে।


চলিত বৰ্ষত শেষলৈ ৰাজ্যত এই আঁচনি জৰিয়তে মুকলি হব ৭৩ খনকৈ আৰক্ষী চকী। উপ আৰক্ষী অধীক্ষক কুলপ্ৰদীপ ভট্টাচাৰ্য্যই আদৰণি ভাষণ প্ৰদান পাছতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুস্থানিক ভাৱে শুভ উদ্বোধন কৰে দুলীয়াজান আৰক্ষী থানাৰ নতুন ভৱনটো ৷ এই উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত , অসম আৰক্ষীৰ গৃহ নিৰ্মাণ বিভাগৰ পৰিচালন সঞ্চালক অৰবিন্দ কলিতা, বিধায়ক প্ৰশান্ত ফুকন, , চক্ৰধৰ গগৈ, বিমল বড়া, টেৰছ গোৱালা আদি কৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।

Comments (0)
Add Comment