অভিশপ্ত ৩০ অক্টোবৰ
১২ টা বছৰ অতিক্ৰম কৰিলে বিভীষিকাময় সেই দিনটোৱে।২০০৮ চনৰ ৩০ অক্টোবৰত এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটে ধাৰাবাহিক বিস্ফোৰণ ঘটাইছিল। গুৱাহাটী,কুকুৰাঝাৰ, বঙাইগাঁও, বৰপেটা ৰোড,গণেশগুৰিত হোৱা এই বিস্ফোৰণত ৮৮ জন নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ লগতে ৫ শতাধিক লোক আহত হৈছিল।এই বিস্ফোৰণে কঁপাই গৈছিল সমগ্ৰ অসমক। ৩০অক্টোৰত প্ৰাণ হেৰুৱা নিৰীহ জনতাৰ স্মৃতিত শুকুৰবাৰে গণেশগুৰি উৰনীয়া সেতুৰ তলত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী,মহানগৰ আৰক্ষী উপায়ুক্ত মুন্নাপ্ৰসাদ গুপ্তা আৰু উপায়ুক্ত বিশ্বজিৎ পেগু