Daily Time Axom

অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফৰ্মত Transgenderৰ অন্তৰ্ভূক্তি

0 17

ডিজিটেল ডেস্কঃ অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফৰ্মত লিংগৰ ক্ষেত্ৰত Transgenderৰ অন্তৰ্ভূক্তিকৰণৰ ব্যৱস্থা কৰা হয়৷ ইয়াৰ জৰিয়তে অসামৰিক সেৱা পৰীক্ষাৰ ফৰ্মত Transgenderৰ অন্তৰ্ভূক্তিৰ ব্যৱস্থা কৰা প্ৰথমখন ৰাজ্য হিচাপে আনুষ্ঠানিক স্বীকৃত পায় ৷ ইতিমধ্যে অসম লোক সেৱা আয়োগৰ CCE (Combined Competitive Examination),2020 ত মুঠ 42 জন Transgenderয়ে আৱেদন কৰে৷ অসম লোক সেৱা আয়োগৰ অধক্ষ্য পল্লৱ ভট্টাচাৰ্যই কয় যে ছেপ্তেম্বৰত যেতিয়া পৰীক্ষাৰ জাননি জাৰি কৰা হৈছিল সেই সময়ত এই ব্যৱস্থা হাতত লোৱা নাছিল৷ শেহতীয়াকৈ অসম Transgenderৰ কল্যাণ বৰ্ডৰ সহ উপাধ্যক্ষ স্বাতী বিধান বৰুৱাৰ সৈতে আলোচনাত মিলিত হৈ অসম লোক সেৱা আয়োগৰ পৰীক্ষাৰ ফৰ্মত পুৰুষ আৰু মহিলাৰ দৰেই Transgender সকলৰ সম উল্লেখৰ ব্যৱস্থা কৰে৷ পূৰ্বৰে পৰা বঞ্চনাৰ বলি হৈ অহা সমাজৰ এই একাংশ লোকৰ বাবে অসম লোক সেৱা আয়োগে লোৱা এই ব্যৱস্থাই তেওঁলোকক উন্নতিৰ ক্ষেত্ৰখনত আৰু এখোজ আগবঢ়াই দিব৷
স্বাতী বিধান বৰুৱাই এই পদক্ষেপক প্ৰসংসনীয় পদক্ষেপ বুলি মন্তব্য কৰাৰ লগতে কোনোৱে যাতে এই ব্যৱস্থাৰ অসৎ ব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈও মন্তব্য কৰে৷

Leave A Reply

Your email address will not be published.