ডিজিটেল ডেস্কঃ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ ভিত্তিত ভাৰতীয় সেনাই মুকলি কৰে এটা নতুন মেচেঞ্জিং এপ। এই এপটোক SAI অৰ্থাৎ Secure Application for the Internet নামেৰে নামাংকিত কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক মন্তব্যত কয় যে এই SAI এপটো হোৱাট্ছ এপ, টেলিগ্ৰাম, SAMVAD আৰু GIMS ৰ দৰে একে আনহাতে কডিং আৰু সুৰক্ষিত ব্যৱস্থাৰ সৈতে এই এপটো অন্য এপতকৈ যথেষ্ট উন্নত। SAI এপটো ইন্টাৰনেটৰ জৰিয়তে সকলো Android প্লেটফৰ্মত বাৰ্তা আৰু এন্ড টু এন্ড অডিঅ আৰু ভিডিঅৰ সুবিধা আছে। প্ৰয়োজন অনুসৰি এপটোৰ বৈশিষ্টসমূহ সলনি কৰিব পৰা যাব। SAI এপটো সকলো সেনা বিষয়াই ব্যৱহাৰ কৰিব পাৰিব। এপটোৰ ফাংচন সমূহ পৰিদৰ্শন কৰি ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কৰ্ণেল সাই শংকৰক এপটোৰ নিৰ্মাণৰ বাবে অভিনন্দন জ্ঞাপন কৰে।