বিদ্যালয় কতৃপক্ষৰে মিলি অভয়াপুৰীৰ এখন কেফেই গোপন বুজাবুজিৰে লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
এই ঘটনা অভয়াপুৰীৰ অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ত।
কেফেখনৰ হৈছে N.M Service point and Internet cafe।
উক্ত কেফে খনৰ পৰা হে আৱেদন কৰিলে হে হয় গ্ৰহণ যোগ্য অন্যথা হয় নাকচ।
বিদ্যালয় খনৰ স্বয়ং অধ্যক্ষাগৰাকীয়ে উক্ত কেফে খনৰ ছাত্ৰ বৃত্তিৰ আৱেদন কৰাৰ বাবে নিৰ্দেশ দিছিল।
আৱেদন কৰাৰ বাবদ ছাত্ৰ ছাত্ৰীৰ পৰা ৫০০ টকাকে আদায় কৰিছিল কেফে খনে।
আৰক্ষীয়ে তালাচী চলাই কেফে খনৰ পৰা কম্পিউটাৰ, লেপটপ আৰু বহু নথিপত্ৰ জব্দ কৰিছে।
ইতিমধ্যে কেফেখনৰ ৩ জন লোকক আৰক্ষীয়ে আটক কৰিছে।
ভূৱা তথ্যৰে শিক্ষাৰ্থীৰ নামত ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ কেফে খনৰ বিৰুদ্ধে।
ইতিমধ্যে বিদ্যালয় খনৰ অধ্যক্ষাগৰাকীক তদন্তৰ আওতাত আনিবলৈ দাবী জনাইছে সচেতন মহলে।