Daily Time Axom

প্ৰবল ভূমিকম্পই জোঁকাৰি যায় গ্ৰীচ আৰু তুৰ্কীত

0 16

ডিজিটেল ডেস্কঃ শুক্ৰবাৰে অহা এক প্ৰবল ভূমিকম্পই জোঁকাৰি যায় গ্ৰীচ আৰু তুৰ্কী। বিশেষকৈ তুৰ্কীৰ ইজমীৰ চহৰত এই ভূমিকম্পই বিস্তৰ ক্ষতি সাধন কৰে। ৭.০ ৰিখতাৰ স্কেলৰ এই ভূমিকম্পত প্ৰায় ২২জন লোকৰ মৃত্যু হোৱাৰ লগতে আঠশতকৈ অধিক লোক আঘাতপ্ৰাপ্ত হয়।

ইয়াৰোপৰি গ্ৰীচৰ চাম’চত স্কুলৰ পৰা ঘৰমুৱা হোৱা দুজন কিশোৰৰ মৃত্যু হয় আৰু প্ৰায় ১২ জন লোক আঘাতপ্ৰাপ্ত হয়। অন্যহাতে কেইবাটাও ঘৰ ধ্বংসস্তুপত পৰিণত হোৱাৰ লগতে এই ভুইকম্পটোৰ ফলত ইজমীৰ অঞ্চলটোত সাগৰৰ পানী সোমাই আহি অঞ্চলটোৰ নিবাসী সকলৰ ঘৰসমূহৰ সা- সৰঞ্জাম উতুৱাই নিয়ে। তুৰ্কীৰ য়ুনান আৰু চাম’চৰ মাজৰ ইজিয়ন সাগৰত এই ভূমিকম্পটোৰ উৎপত্তি হয়।

বিপদ আৰু আপাতকালীন প্ৰবন্ধন বিভাগৰ সমীক্ষামতে ইজিয়ন সাগৰত ভূমধ্যস্থলৰ পৰা ১৬.৫ কিলোমিটাৰ তলত ভূমিকম্পটোৰ উৎপত্তি হয়। ভূমিকম্প টোৰ পিছত গ্ৰীক প্ৰধানমন্ত্ৰী কিয়াৰিক’চ মিটচ’টাকিচে তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেসেপ তেয়প এড’গেনক ফোনযোগে সমবেদনা জ্ঞাপন কৰে। ভূমিকম্প টোৰ ফলত হোৱা মানৱসম্পদ আৰু অন্য ক্ষয় ক্ষতিৰ পৰিমান লক্ষ্য কৰিলে দুৰ্যোগটো কিমান ভয়ংকৰ সেয়া বুজিব পাৰি।

Leave A Reply

Your email address will not be published.