সাহসী সাংবাদিক হিচাপে পৰিচিত দুলীয়াজানৰ প্ৰদীপ কুমাৰ গগৈৰ অকাল মৃত্যু ।

সাহসী সাংবাদিক হিচাপে পৰিচিত দুলীয়াজানৰ প্ৰদীপ কুমাৰ গগৈৰ অকাল মৃত্যু । শুকুৰবাৰে ডিব্ৰুগড়ৰ সৃষ্টি নাৰ্ছিংহোমত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিক গৰাকীয়ে । দীৰ্ঘদিনৰ পৰা মধুমেহ ৰোগত ভূগি থকা সাংবাদিক গৰাকীক প্ৰায় এমাহ পুৰ্বে প্ৰথম অৱস্থাত নিউমোনিয়াৰ বাবে চিকিৎসাধীন কৰা হৈছিল যদিও পাছত বৃক্কৰ অসুখ ধৰা পৰে।উল্লেখযোগ্য যে বিগত ২০০৩ চনত এন ই টিভিৰ দুলীয়াজানৰ প্ৰতিনিধি হিচাপে সাংবাদিকতাৰ যাত্ৰা আৰম্ভ কৰা প্ৰদীপ কুমাৰ গগৈয়ে ২০১১ চনত অসমৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে নিষিদ্ধ ঘোষিত সশস্ত্ৰ সংগঠন আলফাৰ ম্যানমাৰৰ জেনেৰেল হেড কোৱাৰ্টাৰত উপস্থিত হৈছে সংবাদ মাধ্যমৰ বাবে সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল। চাঞ্চল্যকৰ এই সাক্ষাৎকাৰ গ্ৰহণৰ বাবে সতীৰ্থ সাংবাদিক ৰাজীৱ ভট্টাচাৰ্যৰ সৈতে তেওঁ বিপদ সংকুল পথেৰে দীৰ্ঘদিনীয়া যাত্ৰা কৰি আলফাৰ শিৱিৰত প্ৰায় এমাহ সময় অতিবাহিত কৰিছিল। এন ই টিভিৰ উপৰি প্ৰাইম নিউজ,ডিৱাই ৩৬৫, নিউজ টাইম আসাম আদি বৈদ্যুতিন মাধ্যমক সাংবাদিকতা কৰা সাংবাদিক প্ৰদীপ কুমাৰ গগৈয়ে সন্মিলিত সাংবাদিক মঞ্চ,দুলীয়াজানৰ প্ৰতিষ্ঠাপক উপ সভাপতি,প্ৰাক্তন সভাপতি,ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি পদ অলংকিত কৰা লগতে পূৰ্বাঞ্চল তাই সাহিত্য সভা সম্পাদক আৰু টাই আহোম যুৱ পৰিষদ আদি সংগঠনৰ লগতো জড়িত আছিল । শনিবাৰৰ দিনা সন্ধিয়া সাংবাদিক গৰাকীৰ মৃতদেহ প্ৰথমে দুলীয়াজানৰৰ ছলাকটকীস্থিত পুৰ্বাঞ্চল তাই সাহিত্য সভা ভৱনলৈ নিয়া হয়। দুলীয়াজান মিডিয়া চেণ্টাৰত সন্মিলিত সাংবাদিক মঞ্চ দুলীয়াজান,দুলীয়াজান প্ৰেছ ক্লাৱ আদি বিভিন্ন দল সংগঠনে সাংবাদিক গৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

Comments (0)
Add Comment