Daily Time Axom

ভাৰত-নেপাল সম্পৰ্কই লব এক নতুন দিশ

0 12

ডিজিটেল ডেস্কঃ নেপালৰ আৰ্মি চীফ পূৰ্ণ চন্দ্ৰ থাপাৰ নিমন্ত্ৰণ মৰ্মে তিনিদিনৰ কাৰণে নেপাল যাত্ৰাত যায়। ভাৰতীয় সেনা প্ৰমুখ্য জেনেৰেল মনোজ মুকুন্দ নৰবনে। এই ভ্ৰমণত কাঠমাণ্ডুৰ নেপাল আৰ্মি হেডকোৱাৰ্টাৰত হবলগীয়া অনুষ্ঠানত অংশ লব এম এম নৰবনে।

অনুষ্ঠানটোত জেনেৰেল নৰবনেক নেপাল আৰ্মিৰ Honorary Rank of General দিয়া হব। এই পৰম্পৰা ১৯৫০ পঞ্চাছৰ পৰা চলি অহা ৭০ বছৰীয়া এক পুৰণি পৰম্পৰা। ইয়াৰ জৰিয়তে দুখন দেশে পৰস্পৰে দুয়োখন দেশৰ সেনা প্ৰমুখ্যক Honorary Rank দিয়ে।

নৰবনে নেপালৰ আৰ্মি পেভিলিয়নৰ শ্বহীদ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব লগতে নেপাল আৰ্মি চীফৰ সৈতে আলোচনাত বহিব। শুক্ৰবাৰে নৰবনে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ সৈতে সাক্ষাৎ গ্ৰহণ কৰিব।


ক’ৰণা মহামাৰী সংক্ৰমণৰ এই সময়চোৱাত ভাৰতে অহৰহ চুবুৰীয়া দেশ সমূহক সহায় কৰি আছে। সেই উপলক্ষে বৃহস্পতি বাৰে নেপালত হবলগীয়া আৰ্মি চীফৰ অনুষ্ঠানত ভাৰতৰ তৰফৰ পৰা নেপালক দিয়া হব মেডিকেল সাহাৰ্য্য।

উল্লেখ্য যে ভাৰত নেপালৰ সীমা বিবাদ বহু পুৰণি। অন্যহাতে এই বৰ্ষৰ মে মাহত নৰবনে কৈছিল যে নেপালে অন্য দেশৰ উচতনিত সীমাৰ বিবাদ সৃষ্টি কৰে। আৰু লিপুলেখৰ পৰা মানসৰোবৰৰ মাজত ভাৰত চৰকাৰে নিৰ্মাণ কৰা পথৰ ওপৰত প্ৰশ্ন উঠাই।

নেপালে নৰবনেৰ এই মন্তব্যত আপত্তি প্ৰদৰ্শন কৰাৰ লগতে এই মন্তব্যক অপমানজনক বুলি কয়। নেপালৰ সৈতে মে মাহত হোৱা এই সীমা বিবাদৰ পিছত নেপাল ভাৰতৰ সম্পৰ্কৰ উন্নতিৰ ক্ষেত্ৰত এইটো প্ৰথম পদক্ষেপ। ইয়াৰোপৰি নেপাল যাত্ৰাৰ পূৰ্বে এই ভ্ৰমণৰ জৰিয়তে নেপাল ভাৰতৰ সম্পৰ্ক মজবুত হব বুলি নৰবনে মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.