এতিয়াৰ পৰা ভাৰতে মহাকাশৰ পৰা শত্ৰুৰ উপৰত ৰাখিব দৃষ্টি
ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ অনুসন্ধান সংগঠন ISRO য়ে এই বৰ্ষত প্ৰথমটো ছেটেলাইট মুকলি কৰিব। কৰোণাৰ সংক্ৰমণৰ কাৰণে ISRO ৰ কেইবাটাও প্ৰজেক্ট বন্ধ হৈ গৈছিল। এই বন্ধ প্ৰজেক্ট সমূহ ISRO য়ে পুনৰ আৰম্ভ কৰি ছেটেলাইট EOS-01 Economic Observation Satellite টো PSLV- C49 ৰকেটৰ দ্বাৰা মুকলি কৰিব।
এই ছেটেলাইটটো শ্ৰীহৰি কোটৰ সতীশ ধাৱান স্পেছ চেন্টাৰৰ পৰা দুপৰীয়া ৩.০২ বজাত মুকলি কৰিব। এই ছেটেলাইটটোৰ জৰিয়তে ভাৰতীয় সেনাই নিজৰ সীমা সমূহত দৃষ্টি ৰখাত যথেষ্ট সহায় পাব ইয়াৰোপৰি খেতি, জংঘল আৰু দুৰ্যোগ ব্যৱস্থাপনাটো ছেটেলাইটটোৰ ব্যৱহাৰ কৰিব পৰা যাব।
এই অভিযানটোৰ এক বিশেষত্ব ইয়ে যে ISRO ৰ PSLV-C49 সৈতে লিথুৱানিয়াৰ ১ টা, লগ্জম বাৰ্গৰ ৪ টা, আমেৰিকাৰ ৪ টা ছেটেলাইটেৰে মুঠ ৯ টা। Customer Satellite মুকলি কৰা হব
NEW SPACE INDIA LIMITED (NSIL)ৰ সৈতে হোৱা এক বানিজ্যিক চুক্তিৰ মাধ্যমেৰে মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে। এই অভিযানৰ পিছতেই GSAT-12R Communication Setallite মুকলি কৰাৰ আঁচনি প্ৰস্তুত কৰি থকা হৈছে।
উল্লেখ্য যে ২০১৯ৰ ডিচেম্বৰ মাহত ISRO য়ে নিজৰ শেষৰটো ছেটেলাইট মুকলি কৰিছিল। ISRO য়ে ডিচেম্বৰ ২০১৯ত RISAT-2BR1 ছেটেলাইট PSLV-C48 ৰকেটৰ সহায়েৰে মুকলি কৰিছিল।