ভাৰতীয় বায়ু সেনাই লাভ কৰিব আৰু তিনিখন বিমান

ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ু সেনাত অন্তৰ্ভূক্ত হব আৰু তিনিখন যুদ্ধ বিমান। তিনিওখন ৰাফেল বিমান আজি সন্ধিয়া আম্বালা এয়াৰবেছত পাবহি। উল্লেখ্য যে ভাৰতে ইয়াৰ পূৰ্বে ২৮ জুলাই তাৰিখে ৫ খন ৰাফেল বিমান আনিছিল। আৰু এই বিমানকেইখনক ১০ ছেপ্তেম্বৰ তাৰিখে ভাৰতীয় বায়ু সেনাত অন্তৰ্ভূক্ত কৰা হৈছিল। ভাৰতীয় বায়ু সেনাত আজি আহিবলগীয়া ৰাফেল বিমান তিনিখনৰ অন্তৰ্ভূক্তিকৰণৰ ফলত মুঠ ৰাফেল বিমানৰ সংখ্যা ৮ খনলৈ বৃদ্ধি পাব। ২০২১ চনত ভাৰতে ফ্ৰান্সৰ পৰা আৰু ৭ খন ৰাফেল বিমান ক্ৰয় কৰিব। ইয়াৰ পিছতেই ভাৰতত ৰাফেল বিমানৰ সংখ্যা ২১ খনলৈ বৃদ্ধি পাব। উল্লেখ্য যে ভাৰতীয় বায়ু সেনাৰ পাইলট সকলক ৰাফেল চালনাৰ কাৰণে ফ্ৰান্সত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে।

Comments (0)
Add Comment