ডিজিটেল ডেস্কঃ ৰাজ্যৰ শিক্ষাবিভাগে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ আৰম্ভ কৰিছে বিনামূলীয়া টেলি শিক্ষাৰ ব্যৱস্থা। এই ব্যৱস্থাৰ জৰিয়তে ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা লাভৰ সুযোগ পাব। ইয়াৰ লগতে ৰাজ্য চৰকাৰে টোল ফ্ৰি নম্বৰ ১৮০০৩৪৫৩৫৭৮ মুকলি কৰে।
এই টোল ফ্ৰি নম্বৰটোৰ জৰিয়তে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ পাঠ্যক্ৰম সন্দৰ্ভত বিশেষজ্ঞ শিক্ষকৰ সৈতে যোগাযোগ কৰিব পাৰিব। এই টোল ফ্ৰি নম্বৰটো পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈ সক্ৰিয় থাকিব।
ষষ্ঠ আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ১ বজাৰ পৰা ৩ বজালৈকে নম্বৰটোলৈ ফোন কৰিব পাৰিব।
ছাত্ৰ-ছাত্ৰীসকলে সোমবাৰে ইংৰাজী, মঙলবাৰে সমাজ বিজ্ঞান, বুধবাৰে বিজ্ঞান, বৃহস্পতিবাৰে সমাজবিজ্ঞান, শুক্ৰবাৰে মানসিক আৰু সামাজিক সম্পৰ্কত, আৰু শনিবাৰে ভাষা বিষয়ত পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব।