Daily Time Axom

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীৰ গ্ৰেপ্তাৰ

0 10

ডিজিটেল ডেস্কঃ বুধবাৰে পুৱাই ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বুধবাৰে পুৱা প্ৰায় ৮ বজাত ৮ খন গাড়ীৰে যোৱা এটা ৩০-৪০ জনীয়া আৰক্ষীৰ দলে সাংবাদিক গৰাকীক নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে। এক পুৰণি আত্মহত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীৰ দলটোৱে। সংবাদ প্ৰতিষ্ঠান পি টি আইৰ মতে ইন্টেৰিয়ৰ ডিজাইনাৰ আনভাই নাইকৰ আত্মহত্যাৰ প্ৰৰোচনাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে সাংবাদিক গৰাকীক। উল্লেখ্য যে আৰক্ষীৰ দলেটাৱে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ সময়ত শাৰিৰীকভাৱেও প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। জনপ্ৰিয় সাংবাদিক গৰাকীক গ্ৰেপ্তাৰৰ ঘটনাই সমগ্ৰ দেশৰ লগতে অসমতো ইয়াৰ তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ সময়ত মুম্বাই আৰক্ষীয়ে মাৰপিট কৰাৰ কথা সংবাদ মাধ্যমৰ আগত নিজ মুখে ব্যক্ত কৰিছে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক গৰাকীয়ে।

Leave A Reply

Your email address will not be published.