নৱম মৃত্যু বাৰ্ষিকীত সুধাকন্ঠ ডo ভূপেন হাজৰিকাক শ্ৰদ্ধাৰে সোঁৱৰিলে অসমবাসীয়ে

বিশ্ববৰেণ্য শিল্পী ডo ভূপেন হাজৰিকাৰ নৱম মৃত্যু বাৰ্ষিকীত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত কৰিছে শিল্পী গৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সুধাকন্ঠ ডo হাজৰিকাক স্মৰণ কৰি জালুকবাৰী সমাধিক্ষেত্ৰতো অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে। ইয়াৰ সমান্তৰালভাৱে আছুৰ নেতৃত্বত দীঘলীপুখুৰীৰ পাৰতো অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অসমীয়া কৃষ্টি-সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ যোৱা বৰেন্য শিল্পী গৰাকীয়ে ১৯২৬ চনৰ ৮ ছেপ্তেম্বৰত জন্ম গ্ৰহণ কৰিছিল আৰু ২০১১ চনৰ ৫ নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোতেই ইহ সংসাৰৰ পৰা মেলানি মাগিছিল।

বহু প্ৰতিভাৰ অধিকাৰী এইগৰাকী বৰেণ্য শিল্পীয়ে ১৯২২ চনত ভাৰতৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান “দাদা চাহেব ফাল্কে বটাঁ” আৰু ২০১৯ চনত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান “ভাৰতৰত্ন” লাভ কৰে।

সংগীত সূৰ্য ডo ভূপেন হাজৰিকা আছিল একেধাৰে গীতিকাৰ, সুৰকাৰ, চিত্ৰকাৰ, চলচ্চিত্ৰ পৰিচালক আদি। প্ৰতিজন অসমীয়াৰ শিৰাই শিৰাই প্ৰবাহিত সুধাকন্ঠ ডo ভূপেন হাজৰিকাৰ নৱম মৃত্যু বাৰ্ষিকীত সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছো।

Comments (0)
Add Comment