স্বাৱলম্বী হোৱাৰ বাট দেখুৱাইছে দৰংৰ অম্লানে
ডিজিটেল ডেস্কঃ যিটো সময়ত সংস্থাপনৰ বাবে শিক্ষিত যুৱ সমাজে চৰকাৰী চাকৰিৰ বাবে হাহাকাৰ কৰি আছে তেনেসময়তে দৰং জিলাৰ ঔতলাৰ অম্লান দাসৰ প্ৰচেষ্টাই শিক্ষিত যুৱ চামক বাট দেখুৱাইছে। দৰং জিলাৰ ঔতলাৰ বেছিমাৰীৰ অম্লান দাসে কুটীৰ শিল্পৰে নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ আগবাঢ়িছে। উল্লেখ্য যে কম্পিউটাৰ বিজ্ঞানৰ পঞ্চম ষান্মাষিকৰ ছাত্ৰ অম্লান দাস। অম্লানে বিভাগীয় ভাৱে কিছু কাৰিকৰী প্ৰশিক্ষণ গ্ৰহণ কৰি ঘৰতে বাঁহেৰে সাজি উলিয়াইছে বিভিন্ন সামগ্ৰী । Computer Science ৰ ছাত্ৰ হৈয়ো নিজৰ বাৰীৰ বাঁহেৰে জগত জিনাৰ সপোনেৰে বাঁহৰ কলহ, টেকেলি, পেপা, কলম, বাঁহী, লেম, চোফা, ৰংঘৰ, কাৰেংঘৰ আদি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি স্বাৱলম্বী হবলৈ সক্ষম হৈছে।
কোভিডৰ সংক্ৰমণৰ সময়ত বহিঃ ৰাজ্যৰ পৰা ঘৰলৈ ঘূৰি অহা যুৱক-যুৱতীসকলে এনে কৰ্ম নিৰ্ধাৰণ কৰিলে কৰ্মহীনতাত ভুগাৰ পৰিৱৰ্তে নিজৰ লগতে আন দহজনক কৰ্ম সংস্থাপন দিব পাৰিব বুলি আশা প্ৰকাশ কৰে।