Daily Time Axom

সৰুপথাৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল

0 14

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে প্ৰতিবাদত মুখৰ হৈ পৰে গোলাঘাট জিলাৰ ধনশিৰি মহকুমা। ৰাজ্যৰ অভাৱনীয় হাৰত বৃদ্ধি হোৱা মুল্য বৃদ্ধিৰ বিৰুদ্ধে সৰুপথাৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আমছুৰ ধনশিৰি মহকুমা সমিতিয়ে অসম চৰকাৰ হায় হায়, যোগান বিভাগ হায় হায়, বিজেপি চৰকাৰ গ’ বেক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

অতি শীঘ্ৰ বৰ্তমানৰ যোগান মন্ত্ৰীক অপসাৰণ কৰি এজন যোগ্য মন্ত্ৰীক যোগান বিভাগৰ দায়িত্ব প্ৰদান কৰিবলৈ দাবী তোলে আমছুৱে। আনহাতে সীমান্ত উৰিয়ামঘাটত সীমা সমস্যা সমাধান, ৰেংমা উৰিয়ামঘাট সংযোগী পথ নিৰ্মাণৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰে।

এই কাৰ্যসূচীৰ জৰিয়তে উক্ত সমস্যা সমূহ অতি শীঘ্ৰে সমাধানৰ দাবী তোলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। ইফালে সমষ্টিটোৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি স্থানীয় বিধায়ীকা ৰ’জলিনা তিৰ্কী আৰু সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৃন্দ।

Leave A Reply

Your email address will not be published.