গড়ৰ খৰ্গসহ চোৰাংচিকাৰীৰ দল আটক

ডিজিটেল ডেস্কঃ শুক্ৰবাৰে দুলীয়াজান জয়ানগৰ অঞ্চলৰ পৰা এটা চোৰাংচিকাৰীৰ চক্ৰ আটক কৰে আৰক্ষীয়ে। ডিব্ৰুগড় অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু নামৰূপৰ উপ আৰক্ষী অধীক্ষক সহিতে দুলীয়াজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্ব হোৱা এটা দলে চোৰাং চক্ৰটোক জয়ানগৰৰ থানু গগৈৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন ধৃত চক্ৰটোৰ লোককেইজন লক্ষীমপুৰ কে বি ৰোড পানী গাৱঁৰ ৰাণু দেৱী ভাগৱতী, দিব্য দাস, দুলীয়াজানৰ নীজেন দত্ত আৰু দুলীয়াজান জয়ানগৰৰ থানু গগৈ। দলটোৰ পৰা আৰক্ষীয়ে এটা গড়ৰ খৰ্গ উদ্ধাৰ কৰে। এই ঘটনাই সমগ্ৰ দুলীয়াজানত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Comments (0)
Add Comment