বিয়াত বহিব আদিত্য নাৰায়ণ
ডিজিটেল ডেস্কঃ জনপ্ৰিয় কন্ঠশিল্পী আৰু টেলিভিছনৰ জনপ্ৰিয় ঘোষক আদিত্য নাৰায়ণ অতি শীঘ্ৰেই ইণ্ডাষ্টিৰ জনপ্ৰিয় অভিনেত্ৰী শ্বেতা আগৰৱালৰ সৈতে বিবাহপাশত আবদ্ধ হব। উল্লেখযোগ্য যে এমাহপূৰ্বে আদিত্য নাৰায়ণে ছচিয়েল মিডিয়াযোগে প্ৰেয়সী শ্বেতা আগৰৱালৰ সৈতে ডিচেম্বৰত বিয়াত বহিব বুলি জানিবলৈ দিয়ে আৰু ছছিয়েল মিডিয়াৰ পৰা অব্যাহতি লয়।

ইতিমধ্যে আদিত্য নাৰায়ণ আৰু শ্বেতা আগৰৱালৰ ৰ’কা ছেৰিমণি সম্পন্ন হৈছে আৰু ইয়াৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ফটোসমূহ আদিত্য আৰু শ্বেতাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলকো যথেষ্ট সুখী দেখা গৈছে।