Daily Time Axom

এখন বিমান যদি আপোনাৰ ঘৰ হয়, তেতিয়া বাৰু আপোনাৰ কেনে লাগিব?

0 11

ডিজিটেল ডেস্কঃ অভিনৱ পৰিকল্পনাৰে এখন বিমানক এটি সুন্দৰ ঘৰলৈ ৰূপান্তৰ কৰি সকলোকে আশৰ্য্যত পেলাইছে ব্ৰুছ কেম্পবেলে। পুৰণি বস্তুক নতুন ৰূপ দি ভাল পোৱা ব্ৰুছ কেম্পবেলে ১৯৯৯ চনত এখন বয়িং ৭২৭ নামৰ পৰিত্যক্ত বিমান ক্ৰয় কৰি এটা সুন্দৰ বাসগৃহলৈ ৰূপান্তৰিত কৰি তোলে।

কেম্পবেলে বিমানখনৰ আসন, টয়লেট আদি প্ৰায়খিনি সা-সৰঞ্জাম একে ৰাখি এটা ৱাচিং মেচিন আৰু এটা বেচিন সংলগ্ন কৰিছে। কেম্পবেলে সাজি উলিওয়া বিমানৰূপী ঘৰখনত এখন বাসোপযোগী ঘৰত থাকিবলগীয়া সকলো প্ৰয়োজনীয় সামগ্ৰী আছে।

কেম্পবেলে তেখেতৰ এই ঘৰখনত যথেষ্ট আহল-বহল ঠাই আছে যদিও শুবৰ বাবে এখন মেট্ৰেছ, খাদ্য প্ৰস্তুতৰ বাবে এটা মাইক্ৰৱেভ আৰু এটা ব্ৰেড টষ্টাৰ ৰাখিছে।

লগতে কেম্পবেলে তেখেতৰ বহু নিজা আৱিষ্কাৰে ঘৰ খন সজাই ৰাখিছে। কেম্পবেলৰ এই অদ্বিতীয় প্ৰচেষ্টাই তেওঁ সৃষ্টিশীল মনটোক প্ৰতিফলিত কৰিছে।

Leave A Reply

Your email address will not be published.