ডিজিটেল ডেস্কঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ জনতাক কোঙা কৰি পেলাইছে ৷ এনে প্ৰেক্ষাপটত ৰাজ্য চৰকাৰৰ লগতে গভীৰ নিদ্ৰাত যোগান বিভাগ ৷ ৰাজ্য চৰকাৰ আৰু যোগান বিভাগৰ অমনোযোগিতাৰ বাবেই জাঙোৰ খাই উঠিছে ৰাজ্যৰ ছাত্ৰ সমাজ ৷ ৰাজ্যৰ লগতে বোকাখাত মহকুমা ছাত্ৰ সন্থাই শনিবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে হাতত কাহীঁ, বাতি,হেটা লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ দিল্লী-দিশপুৰ হায় হায়, বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোনোৱালৰ কাম নাই, যোগান মন্ত্ৰীয়ে পদত্যাগ কৰক আদি ধ্বনিৰে উত্তাল কৰি তোলে বোকাখাত ৷ আনহাতে স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰীৰ তুলুঙা ভাষ্যক লৈও আছুৱে ক্ষুৰধাৰ সমালোচনা কৰে ৷ আছুৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল বাহিৰ কৰি বোকাখাতৰ মাজমজিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে ৷