Daily Time Axom

মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৰপথাৰত আছুৰ প্ৰতিবাদ

0 21

ডিজিটেল ডেস্কঃ সমগ্ৰ ৰাজ্যৰ লগতে বৰপথাৰতো আছুৱে নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ দাবীত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ প্ৰতিমূৰ্ত্তি দাহ কৰি বৰপথাৰ নগৰৰ মাজমজিয়াত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদস্থলীত অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰী হায় হায় সৰ্বানন্দ গ বেগ আদি চৰকাৰ বিৰোধী ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।

অসম চৰকাৰে অতি শীঘ্ৰে যদি নিত্য ব্যৱহাৰ্য্য সামগ্ৰী সমূহৰ মূল্য হ্ৰাস নকৰে তেতিয়া অনাগত দিনত ইয়াতকৈ আৰু ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হব বুলি ছাত্ৰ সন্থাই হুংকাৰ প্ৰদান কৰে ।

Leave A Reply

Your email address will not be published.