ডিজিটেল ডেস্কঃ ৩ নৱেম্বৰত আমেৰিকাত হৈ যোৱা নিৰ্বাচনত জয়ী ৰাষ্ট্ৰপতি জ’ বাইডেনৰ লগতে অভিলেখ গঢ়িবলৈ সক্ষম হয় এগৰাকী ভাৰতীয় মূলৰ মহিলাই ৷ পৃথিৱীৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ আমেৰিকাৰ দ্বিতীয়টো মৰ্যদাপূৰ্ণ পদবী উপ-ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হয় কৃষ্ণাংগ নাৰী কমলা হেৰিচ ৷ কমলা হেৰিছ হৈছে প্ৰথমগৰাকী মহিলা যিয়ে প্ৰথমবাৰৰ বাবে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ আমেৰিকাৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি হিচাপে ইতিহাস ৰচনা কৰে কমলা হেৰিছে । নিৰ্বাচিত হৈয়ে কমলা হেৰিছে আমেৰিকাৰ জনাসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে আৰু লগতে তেওঁৱেই শেষগৰাকী নহয় বুলি মন্তব্য কৰি সমগ্ৰ নাৰীজাতিটো উন্নতিৰ বাৰ্তা প্ৰেৰণ কৰে।