Daily Time Axom

গোলাঘাটত মুক্তি লাভ নতুন সংগীত ষ্টুডিঅ

0 15

ডিজিটেল ডেস্কঃ অসমৰ ভ্ৰাম্যমাণ জগতৰ খ্যাতনামা শিল্পী বাবুল নাগৰ স্মৃতিত গোলাঘাটত মুক্তি লাভ হ’ল নতুন সংগীত ষ্টুডিঅ’।গোলাঘাটৰ ফৰকাটিংৰ নিৱাসী বাবুল নাগৰ ভাতৃ মুকুল নাগে আজি শিল্পীগৰাকীৰ স্মৃতিত মুকলি কৰিলে ষ্টুডিঅটো। চানি ষ্টুডিঅ নামেৰে নামাকৰণ কৰা ষ্টুডিঅটো অত্যাধুনিক প্ৰযুক্তিসম্পন্ন‌। ষ্টুডিঅটোৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে ফৰকাটিংৰ বিশিষ্ট শিল্পী আলতাফ হুছেইন,জ্যেষ্ঠ সাংবাদিক দুগ্ধ দত্ত, ফৰকাটিং মহাবিদ্যালয়ৰ প্ৰবক্তা লাচিত গগৈ। ফৰকাটিংৰ অতি ভিতৰুৱা আৰু পিছপৰা অঞ্চলত স্থাপিত এই ষ্টুডিঅটোৱে অঞ্চলটোৰ উঠি অহা প্ৰজন্মৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই অনাটো নিশ্চিত।

Leave A Reply

Your email address will not be published.