Daily Time Axom

নুমলীগড়ত হাতী-মানুহৰ সংঘাত অব্যাহত

0 15

ডিজিটেল ডেস্কঃ গোলাঘাট জিলাৰ নুমলীগড়ত অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ নুমলীগড়ৰ বিভিন্ন অঞ্চলত দিন ৰাতি একাকাৰ কৰি বৃহৎ হাতীৰ এটা জাকে উপদ্ৰৱ চলাই আহিছে । হাতীৰ বৃহৎ জাকটোৱে শ শ বিঘা ধাননি পথাৰ গচকি ধান নষ্ট কৰে । নুমলীগড়ৰ পুৰাবাংলা, মিৰিপথাৰ ,গিদিবস্তি ,চুমনী ,হালোৱা গাঁও ,তেলীয়াগাঁৱৰ ধাননি পথাৰত অৱস্থান কৰি ধান খাই গচকি তহিলং কৰিছে বন্য হস্তীৰ বৃহৎ জাকটোৱে ।

বন্য হস্তীৰ জাকটোক খেদিবলৈ বন বিভাগৰ লোকে গুলি ফুটাই আপ্ৰাণ চেষ্টা কৰিছে যদিও বিফল হয় বন বিভাগ ।আনফালে পুৰাবাংলা খণ্ড বন কাৰ্যালয়ত সীমিত বন কৰ্মীৰ কেইজনমান বনকৰ্মীয়েহে বৃহত্তৰ অঞ্চলটোত দিনে ৰাতিয়ে কষ্ট কৰি হাতী খেদিবলৈ চেষ্টা কৰি আহিছে । বকিয়াল খণ্ড বন কাৰ্যালয়ত আৰু অধিক বন কৰ্মী তথা হাতী খেদাৰ উন্নত ব্যৱস্থা প্ৰদানৰ বাবে চৰকাৰ তথা বন বিভাগক দাবী উত্থাপন কৰিছে অঞ্চলটোত ৰাইজে ।

Leave A Reply

Your email address will not be published.