Daily Time Axom

শক্তিশালী ৰাষ্ট্ৰ আমেৰিকাৰ ৪৬তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় জ’ বাইডেন

0 21

ডিজিটেল ডেস্কঃ ডনাল্ড ট্ৰাম্পৰ পিছত আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় জ’ বাইডেন। ৩ নৱেম্বৰত অনুষ্ঠিত হোৱা বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ২৯০ টা ইলেকট্ৰৰেল ভোট লাভেৰে ট্ৰাম্পক পৰাজিত কৰি জ’ বাইডেন দেশখনৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। উল্লেখ্য যে এই নিৰ্বাচনত ডেমক্ৰেটিক পাৰ্টীৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু ৰিপাব্লিক পাৰ্টীৰ ৪৫ সংখ্যক ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হৈছিল।

আমেৰিকাৰ ইতিহাসত প্ৰথম বাৰৰ বাবে দেখিবলৈ পোৱা এই অভূতপূৰ্ব প্ৰতিদ্বন্দিতাত ডনাল্ড ট্ৰাম্পে ২১৪টা ইলেকট্ৰৰেল ভোট লাভ কৰাৰ পৰিৱৰ্তে জ’ বাইডেনে লাভ কৰে ২৯০ টা ইলেকট্ৰৰেল ভোট। আমেৰিকাৰ পৰৱৰ্তি ৰাষ্ট্ৰপতি জোচেফ আৰ বাইডেনে অহা ২০ জানুৱাৰী ২০২১ চনত শপত গ্ৰহণ কৰিব।

জ’ বাইডেনে তেখেতৰ প্ৰথমটো ভাষণত আমেৰিকাৰ জনসাধাৰণে তেওঁক বিশ্বাসত লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে সমাজক বিভাজন কৰাৰ পৰিৱৰ্তে একত্ৰিত কৰিবৰ কাৰণে উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.