মৰঙিত কৰুণ ঘটনা ৷ অগ্নিদগ্ধ হৈ পতী পত্নীৰ মৃত্যু ৷

ডিজিটেল ডেস্কঃ মৰঙি ৰাজহচক্ৰৰ অধীনৰ বকিয়াল চাহ বাগিচাৰ বাঁহবাৰী লাইনত কালি নিশা প্ৰায় ২ বজাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ নিদ্ৰাৰত অবস্থাতে ৰাজেন সোনাৰ আৰু অনিতা সোনাৰ বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হৈ কৰুণ মৃত্যুক সাৱটি লয় ৷ অগ্নিকাণ্ডৰ পৰা কথমপিহে প্ৰাণৰক্ষা পৰে একমাত্ৰ সন্তান শিবা সোনাৰ ৷ উল্লেখযোগ্য যে, বৈদ্যুতিক শ্বৰ্টচাৰ্কিতৰ ফলত সংঘটিত হয় এই ভয়ানক অগ্নিকাণ্ড ৷ আনহাতে স্থানীয় ৰাইজে পকী দেৱাল ভাঙি মৃত সোনাৰৰ সন্তান শিবা সোনাৰক অৰ্দ্ধদগ্ধ তথা সংকট জনক অবস্থাত উদ্ধাৰ কৰে ৷ দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে শোকাকুল পৰিবেশে বিৰাজ কৰিছে ৷

Comments (0)
Add Comment