ডিজিটেল ডেস্কঃ তিনিচুকীয়া জিলাৰ কেইজনমান শিক্ষিত যুৱকে ৰঙালাউ খেতিৰে দেখুৱাইছে কৰ্মসংস্কৃতিৰ উৎকৃষ্ট নিদৰ্শন। চাৰিজন উদ্যমী যুৱকে কৃষিকৰ্মৰে ৰচিছে স্বাৱলম্বিতাৰ সপোন। তিনিচুকীয়া জিলাৰ অৰুণাচল সীমান্তৱৰ্তী মহঙত চাৰিজন যুৱকে প্ৰায় 60 বিঘা মাটিত ৰঙালাউ খেতিৰে দেখুৱাইছে আত্মনিৰ্ভৰশীলতাৰ সুন্দৰ নিদৰ্শন। তিনিচুকীয়াৰ প্ৰশান্ত গগৈ, অজিত সোণোৱাল, সুৰঞ্জিত সোণোৱাল আৰু বিতুপণ বৰুৱাই ৬০বিঘা মাটি লিজত লৈ ৰঙালাউ খেতি আৰম্ভ কৰে। বৰ্তমানলৈকে ৪০বিঘাৰ আহু ৰঙালাউ চপাই ৬০কুইন্টলতকৈ অধিক ৰঙালাউ বিক্ৰী কৰি তিনি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ইয়াৰে বিতুপন বৰুৱা নামৰ যুৱকজন কৰ্মসূত্ৰে দক্ষিণ ভাৰতত আছিল। দেশত জাৰি কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত ঘৰলৈ ঘূৰি আহি দলীয়ভাৱে কৃষিকাৰ্যত জড়িত হৈ নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহজনকো স্বাৱলম্বীতাৰ পথ দেখুৱাইছে।