ক’ৰনা ভাইৰাচৰ সম্পৰ্কত কেন্দ্ৰৰ স্বাস্থ্য মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ আলোচনা
ডিজিটেল ডেস্কঃ পূৰ্বতকৈ ক’ৰনা ভাইৰাচৰ আতংক হ্ৰাস পালেও সমগ্ৰ দেশতে ক’ৰনা ভাইৰাচৰ প্ৰকোপ এতিয়াও বৰ্তি আছে। ইতিমধ্যে ৰাজাধানী দিল্লীটো তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হৈ গৈছে। এনে পৰিস্থিতিত আৰু শীতৰ আগমনৰ পৰিপ্ৰেক্ষিতত কিছুসংখ্যক বিশেষজ্ঞই ক’ৰনা ভাইৰাচৰ আৰু অধিক সংক্ৰমণৰ আশংকা কৰিছে। ইয়াৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডo হৰ্ষবৰ্ধনে ৰাজ্য সমূহত ক’ৰনা স্থিতিৰ উমান লবৰ বাবে প্ৰায় ৯ খন ৰাজ্য স্বাস্থ্য আৰু ৰাজ্যৰ শীৰ্ষ পদৰ বিষয়া সকলৰ সৈতে সাক্ষা কৰে। হৰ্ষবৰ্ধনে কভিড ১৯ য়ে অধিক প্ৰভাৱ পেলোৱা অসম, অন্ধ্ৰ প্ৰদেশ , পশ্চিম বংগ , ৰাজস্থান, হিমাচল প্ৰদেশ, তেলেংগানা, পঞ্জাৱ, হাৰিয়ানা আৰু কেৰেলা ৰাজ্যৰ সমীক্ষা কৰে। যিহেতু শীতৰ আগমন ঘটিছে আৰু দেখা পোৱা গৈছে ঠাণ্ডা জলবায়ুৰ দেশত তাপমাণ কমি অহাৰ লগে লগে কৰোণা ভাইৰাছ সংক্ৰমণৰ আশংকা অধিক। মন্ত্ৰী হৰ্ষবৰ্ধণে কয় যে সকলোৱে আৰু অধিক সতৰ্ক হব লাগে । আগন্তুক উৎসৱ সমূহতো সামূহিক সতৰ্কতা মানি চলিবৰ বাবে আহ্বান জনায়।