পৰমানন্দ ৰাজবংশীয়ে যোগদান কৰিলে অসম গণ পৰিষদত

ডিজিটেল ডেস্কঃ মঙলবাৰে অগপৰ মুখ্য কাৰ্যালয়ত অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অসম গণ পৰিষদ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° পৰমানন্দ ৰাজবংশী, শিক্ষাবিদ তথা কলেজ অধ্যক্ষ পৰিষদৰ প্ৰাক্তন সভাপতি ড° বলেন্দ্ৰ কুমাৰ দাস, জ্যেষ্ঠ অধিবক্তা ড° ননীগোপাল গোস্বামী, বিবেক জালান, “পেডমেন অফ আছাম” খ্যাত বিশিষ্ট সমাজকৰ্মী শ্ৰী নয়ন শইকীয়া, বঙাইগাঁও AJYCPৰ শতাধিক প্ৰাক্তন নেতা-সদস্যৰ লগতে “আছু”ৰ প্ৰাক্তন নেতাকে ধৰি কেইবাশ লোকে অসম গণ পৰিষদত যোগদান কৰে ৷ উক্ত অনুষ্ঠানত অগপৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ লগতে অগপৰ ভাতৃ-ভগ্নী সংগঠনৰ কেন্দ্ৰীয় বিষয়াসকলো উপস্থিত থাকে ৷

Comments (0)
Add Comment