গোলাঘাটত উপকৃত থলুৱা কৃষক

ডিজিটেল ডেস্কঃ গোলাঘাটৰ পাইকাৰী কৃষক বজাৰৰ পৰা উপকৃত হৈছে থলুৱা কৃষক । জিলা কৃষি বিভাগ আৰু প্ৰশাসনৰ তৎপৰতাত স্থাপন হৈছিল এই পাইকাৰী বজাৰ। লকডাউনৰ সময়ছোৱাত স্থাপন হোৱা এই বজাৰৰ উদ্দেশ্য আছিল উৎপাদিত শস্যৰ বিনিময়ত থলুৱা কৃষকে উচিত মূল্য লাভ কৰা । বৰ্তমান কৃষক আৰু গ্ৰাহকৰ মাজত পোনপটীয়াকৈ ক্ৰয়-বিক্ৰয় হোৱাত দুই পক্ষ উপকৃত হৈছে। নিজ উৎপাদিত শস্যৰ বাবদ উচিত মূল্য পােৱাৰ বাবে সন্তুষ্ট হৈছে কৃষকসকল। কৃষকসকলে জিলা কৃষি বিভাগ আৰু প্ৰশাসনৰ শলাগ লোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে কৃষকসকলৰ আৰ্থিক দিশ টনকিয়াল কৰাৰ উদ্দেশ্যেৰে কৃষি কৰ্মৰ বাবে বীজ, সাৰ আৰু বিভিন্ন সজুঁলিও যোগান ধৰিছে কৃষি বিভাগে।

Comments (0)
Add Comment