দুবছৰত টেবলেত চলাবলৈ শিকা শিশুৱে ৬ বছৰত গঢ়িলে বিশ্ব অভিলেখ
ডিজিটেল ডেস্কঃ মাত্ৰ ৬ বছৰ বয়সতে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে আহমেদাবাদৰ অৰহম ঔম টনচনিয়া। উল্লেখ্যযোগ্য যে Computer Language ৰ Python language ৰ পৰীক্ষাত নিজ পাৰদৰ্শিতাৰে সুখ্যাতি অৰ্জন কৰিছে অৰহমে।

কেৱল সিমানেই নহয় বিশ্বৰ আটাইতকৈ কম বয়সীয়া Computer Programmer হিচাপে স্বীকৃতি লাভ কৰিছে। মাত্ৰ ২ বছৰ বয়সতে টেবলেত ব্যৱহাৰত পাৰ্গত হৈ পৰা ঔমে কম্পিউটাৰৰ প্ৰতি আগ্ৰহী হৈ পৰে। যাৰ এটা যোগাত্মক ফলাফল ৬ বছৰ বয়সতে লাভ কৰিলে আহমেদাবাদৰ শিশুটিৱে। উল্লেখ্য যে ঔমৰ পিতৃয়ো এজন software engineer ।