Daily Time Axom

প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিলে এজন বিধায়কে

0 10

ডিজিটেল ডেস্কঃ প্ৰতিশ্ৰুতি পূৰণ কৰিলে গোলাঘাট জিলাৰ খুমটাইৰ সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই। সৰুপথাৰ আৰু খুমটাই সমষ্টিৰ ধনশিৰি নদীৰ এৰাসুঁতিৰ মাজত দুৰ্বিসহ জীৱন অতিবাহিত কৰি আহিছিল ৩ নং ভোলাগুৰি গাৱঁৰ প্ৰায় চাৰি শতাধিক পৰিয়ালে। উল্লেখযোগ্য যে স্বাধীনতাৰ ৭০ বছৰৰ পিছতো যোগাযোগৰ কোনো সু-ব্যৱস্থা নথকা উক্ত গাওঁবাসীক ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে দলং নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। প্ৰতিশ্ৰুতি অনুযায়ী ২০১৮ চনত এখন কাঠৰ দলং নিৰ্মাণ কৰি ৰাইজৰ বাবে মুকলি কৰা হৈছিল যদিও নীপকুসৃষ্ট প্ৰলয়ংকাৰী বানে সম্পূৰ্ণকৈ উটোৱাই নিছিল। অৱশেষত পুনৰ বিধায়কজনৰ তৎপৰতাত দলং খন নিৰ্মাণ কৰি অক্টােবৰ মাহত ৰাইজৰ যাতায়তৰ বাবে ব্যৱস্থা কৰি দিয়াত উৎফুল্লিত হৈ পৰিছে জনসাধাৰণ।

Leave A Reply

Your email address will not be published.