নুমলীগড়ৰ মৰঙীত হাতীৰ উপদ্ৰৱ
ডিজিটেল ডেস্কঃ গোলাঘাটত অব্যাহত আছে হাতী মানুহৰ সংঘাট। নুমলীগড়ৰ মৰঙিত দিনে নিশাই বনৰীয়া হাতীৰ উপদ্ৰৱ।শ শ বিঘা খেতি পথাৰ বনৰীয়া হাতীৰ জাকে গচকি খাই তহিলং কৰাৰ ফলত অসহায় হৈ পৰিছে গঞা ৰাইজ।নুমলীগড়ৰ পুৰাবাংলা পথাৰ,মিৰিপথাৰ,গিদিবস্তি,চুমনী,হালোৱা গাঁৱত পুনৰ উপদ্ৰৱ চলাইছে হাতীৰ জাকটোৱে।বনকৰ্মীয়ে শূন্যলৈ গুলি ফুটাই ও পকা ধানৰ পথাৰৰ পৰা খেদি পথাব নোৱাৰাত সম্প্ৰতি উপায়হীন হৈ পৰিছে বন বিভাগ। উল্লেখ্য যে মাত্ৰ কেইজনমান বনকৰ্মীয়েহে বৃহত্তৰ অঞ্চলটোত হাতী খেদিবলৈ দিনে ৰাতিয়ে আপ্ৰাণ চেষ্টা কৰা পৰিলক্ষিত হৈছে।পুৰাবাংলা খণ্ড বন কাৰ্যালয়ত আৰু অধিক বনকৰ্মী তথা হাতী খেদাৰ উন্নত ব্যৱস্থা প্ৰদান কৰিবলৈ চৰকাৰ তথা বন বিভাগক আহ্বান জনায় অঞ্চল টোৰ ৰাইজে।