Daily Time Axom

নাৰ্জী ফুলৰ খেতি কৰি স্বাৱলম্বী জলীন চুতীয়া

0 21

ডিজিটেল ডেস্কঃ তিনিচুকীয়াৰ দাঁতি-কাষৰীয়া বাৰেকুৰি ন-মটাপুং গাঁৱৰ জলীন চুতীয়াই প্ৰায় ১০ বিঘাৰো অধিক মাটিত নাৰ্জী ফুলৰ খেতি কৰি নৱপ্ৰজম্নক দেখুৱাইছে স্বাৱলম্বীতাৰ পথ। ২০০০চনৰ পৰা জলীন চুতীয়াই আৰম্ভ কৰা কৃষিকৰ্ম বিগত বৰ্ষত লকডাউনৰ বাবে অসুবিধাত পৰিছে যদিও তেখেতে অব্যাহত ৰাখিছে নিজৰ কৰ্মমুখী যাত্ৰা। উল্লেখ্যযোগ্য যে নিজৰ লগতে আন দহটা পৰিয়ালৰ সহায় হোৱাকৈ কৰা তেখেতৰ কৃষিৰ ফুল তিনিচুকীয়াৰ লগতে অসমৰ বিভিন্ন ঠাইলৈ যায়। তেখেতে নাৰ্জী ফুলৰ লগতে ৰজনীগন্ধা, জেব্ৰা ফুলৰো খেতি কৰি আহিছে। তেখেতে কেৱল ফুলৰ খেতিয়েই নহয় বতৰৰ বিভিন্ন শাক-পাচলিৰ খেতিৰে কৰ্মসংস্কৃতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।

Leave A Reply

Your email address will not be published.