Daily Time Axom

বাঘজানৰ জুইয়ে দহিছে কমলা খেতি

0 76

ডিজিটেল ডেস্কঃ বাঘজানৰ অভিশপ্ত জুইকুৰা আজিও নুনুমাল। বাঘজানৰ জুইৰ প্ৰভাৱত এতিয়া প্ৰদূষিত হৈ পৰিছে সমগ্ৰ দাঁতি-কাষৰীয়া অঞ্চল। কমলা, তামোল, ফল-মূলৰ গছতো পৰিছে ইয়াৰ প্ৰভাৱ। যোৱা ৫মাহৰ পৰা জ্বলি থকা বাঘজানৰ জুইকুৰাৰ পৰা অহৰহ নিৰ্গত হৈ আছে বিষাক্ত গেছ।ফলত কমলা, তামোল আৰু বিভিন্ন ফল-মূলৰ গছত গুটি ধৰে যদিও পকিবলৈ নাপাওতেই গছৰ তলত দমে দমে সৰি পৰিছে। পূৰ্বতে কেতিয়াও এনে হোৱা নেদেখা কৃষকসকলে বাঘজানৰ জুইৰ প্ৰভাৱতে এনে হোৱা বুলি কৈছে। উল্লেখযোগ্য যে ১৯৫০ৰ বৰ ভূইকপৰ পিছৰ পৰাই কমলা খেতিৰ লগত জড়িত যদুনাথ চুতীয়াই বছৰি কমলা খেতিৰ জৰিয়তে লাখৰো অধিক টকা উপাৰ্জন কৰি আহিছে। কিন্তু এই বৰ্ষত অভাৱনীয় ৰূপত মাটিত সৰি পৰা কমলা আৰু সমীপৱৰ্তী বাৰেকুৰি, নতুন গাঁও, গুইজানকে ধৰি বিভিন্ন গাঁওত বিভিন্ন ফল-মূলৰ একেই অৱস্থালৈ লক্ষ্য কৰি সকলোৱে একেমুখে বাঘজানৰ জুইকুৰাৰ প্ৰভাৱ বুলি গণ্য কৰিছে। লগতে অইল কৰ্তৃপক্ষ আৰু চৰকাৰক এই কৃষকসকলৰ বাবে ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে।
বিগত ৫মাহে জ্বলি থকা বাঘজানৰ অভিশপ্ত জুইকুৰাৰ পৰা দৈনিক নিৰ্গত হৈ আছে বিষাক্ত গেছ। ফলত সমগ্ৰ দাঁতি-কাষৰীয়া অঞ্চলত এই বিষাক্ত গেছৰ প্ৰভাৱ পৰিছে।বাৰেকুৰি, নতুন গাঁও,গুইজানকে ধৰি বিভিন্ন গাঁওত ফল-মূলৰ গছসমূহত গুটি পকিবলৈ নাপাওতেই সৰি পৰাত অসুবিধাত পৰিছে গাঁওবাসী। খেতিৰ কমলা তামোল আদি ফল-মূল এনেদৰে অভাৱনীয় ৰূপত সৰি পৰালৈ লক্ষ্য কৰি ইয়াৰ কাৰণ বাঘজানৰ জুইকুৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ।

Leave A Reply

Your email address will not be published.