ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ‘প্ৰধানমন্ত্ৰী কাৰ্যালয়,কৰ্মচাৰী প্ৰশাসন,ৰাজহুৱা অভিযোগ তথা পেঞ্চন বিভাগৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে পেঞ্চনাৰ কল্যাণ বিভাগৰ পেঞ্চনাৰ সকলক ‘ডিজিটেল লাইফ চাৰ্টিফিকেট’ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে । এই প্ৰমাণ পত্ৰ অনলাইন যোগে দাখিল কৰিব পাৰিব বুলি উল্লেখ কৰে । ক’ভিড ১৯ মহামাৰীৰ সময়ত ‘লাইফ চাৰ্টিফিকেট’ দাখিল কৰিবৰ বাবে কাৰ্যালয় লৈ যোৱাৰ ক্ষেত্ৰত পেঞ্চনাৰ সকলে অসুবিধা সন্মুখীন হোৱাৰ বাবে অনলাইন ব্যৱস্থাৰে এই প্ৰমাণ পত্ৰ দাখিলৰ সময়সীমা ১ নৱেম্বৰ পৰিবৰ্তে ৩১ ডিচেম্বৰ ২০২০লৈ বৃদ্ধি কৰা কথা ঘোষণা কৰে ।
অনলাইন ব্যৱস্থাৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটোত ব্ৰহ্মকুমাৰী শিৱানী,’পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগ’ৰ সচিব ডঃ ক্ষেত্ৰপতি শিৱাজী আৰু যুটীয়া সচিব ডo সঞ্জীৱ নাৰায়ণ মাথুৰৰ লগতে পেঞ্চন সন্থাৰ বহু বিষয়ববীয়াই অংশগ্ৰহণ কৰি পেঞ্চনাৰ সকলৰ বাবে এই সুখবৰ কথা ঘোষণা কৰে। ।