Daily Time Axom

UK ত ২০৩৫চনৰ ভিতৰত নিষিদ্ধ হব পেট্ৰল আৰু ডিজেল চালিত বাহন

0 17

ডিজিটেল ডেস্কঃ UKৰ প্ৰধানমন্ত্ৰী বৰিচ জনচনে পৰিৱেশ প্ৰদূষণ ৰোধৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। যি সিদ্ধান্ত অনুসৰি ২০৩০ৰ পৰা ২০৪০ চনৰ ভিতৰত সম্পূৰ্ণ নিষিদ্ধ হব পেট্ৰল আৰু ডিজেল চালিত বাহন। বৰ্তমান হোৱা প্ৰদূষণৰ বাবে প্ৰধানমন্ত্ৰী জনৰ এনে পদক্ষেপ গ্ৰহণ কৰিছে।

ইংলেণ্ডত হাইব্ৰিড ইলেকট্ৰিক কাৰ সমূহৰ বিক্ৰী নিয়মীয়া হোৱা নাই যদিও এই ব্যৱস্থা সম্পূৰ্ণৰূপে কাৰ্যকৰী হবলৈ ইংলেণ্ডে ২০৩৫ চনলৈ ৰব লাগিব। প্ৰধানমন্ত্ৰী জনচনৰ এই অভিলাষী আঁচনিৰ মূল লক্ষ্য হৈছে পৰিৱেশ প্ৰদূষণ ৰোধ আৰু বায়ুমণ্ডলত গ্ৰীণ হাউচ গেছৰ পৰিমাণ হ্ৰাস কৰা।

ইয়াৰ বাবে বিভিন্ন ঠাইত ইলেকট্ৰিক বাহন আন্তঃগাঠঁনি প্ৰস্তুতৰ বাবে ১.৩ বিলিয়ন পাউণ্ড বিনিয়োগ কৰিছে। ইয়াৰ বাবে প্ৰতিটো ৰাজপথ, ঘৰৰ সমীপত আৰু গাড়ীৰ গেৰেজ সমূহতো ইলেকট্ৰিক কাৰৰ চাৰ্জ পইন্টৰ ব্যৱস্থা কৰিব। ইয়াৰ দ্বাৰা UKৰ ২০৫০ ৰ ভিতৰত প্ৰাকৃতিক বাতাবৰণ সম্পূৰ্ণৰূপে প্ৰদূষণমুক্ত কৰাৰ বাবে সিদ্ধান্ত লৈছে

Leave A Reply

Your email address will not be published.