আজিৰে পৰা আৰম্ভ ISL 2020
ফুটবল প্ৰেমী ৰাইজে অধীৰ আগ্ৰহেৰে বাট চাই থকা ভাৰতৰ সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতা India super League 2020 ৰ সপ্তম সংস্কৰণ আজিৰে পৰা গুৱাত অনুষ্ঠিত হব । ISL ৰ আজি প্ৰথমখন খেল Kerela Blasters বনাম ATK Mohun Baganৰ মাজত সন্ধ্যা ৭.৩০বজাত গুৱাৰ জি এম চি খেলপথাৰত অনুষ্ঠিত হব । ক্ৰমান্বয়ে অহা কালিলৈ North East United বনাম Mumbai City ৰ মাজৰ খেলখন সন্ধ্যা ৭.৩০ বজাত গুৱাতে অনুষ্ঠিত হব । ISL ৰ সপ্তম সংস্কৰণ প্ৰতিযোগিতাত এইবাৰ ১১টাকৈ দল ক্ৰমে ATK Mohun Bagan, Bengaluru FC, Chennaiyian FC, East Bengal, Goa ,Hyderabad , Jamshedpur, Kerela Blasters ,Mumbi City ,North East United আৰু Odisha অংশগ্ৰহণ কৰিব । উল্লেখ যোগ্য যে, কভিড প্ৰটকলৰ নীতি নিৰ্দেশনা মানি এইবাৰৰ ISL দৰ্শক বিহীন ভাবে গোৱাৰ বিভিন্ন খেলপথাৰত ভাৰতৰ বৃহৎ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হব ।