এতিয়াও ভাৰতত শেষ হোৱা নাই ক’ৰণাৰ সন্ত্ৰাস

ডিজিটেল ডেস্কঃ পুনৰ মূৰদাঙি উঠিছে ভাৰতবৰ্ষত ক’ৰণা মহামাৰীয়ে। দেশত সোমবাৰে বিগত ২৪ ঘন্টাত ৪৪,০৫৯ জন নতুনকৈ ক’ৰণা ৰোগী ধৰা পৰিছে। বৰ্তমান এই নতুন ধৰা পৰা ৰোগীসকলকলৈ কৰ’ণাৰ মুঠ সংক্ৰমিত সংখ্যা চুলেগৈ ৯১,৩৯,৮৬৬ । ইয়াৰে ভিতৰত ৫১১ জন লোকৰ মৃত্যু হৈ বৰ্তমান ভাৰতত কৰণাৰ মৃতকৰ সংখ্যা ১,৩৩,৭৩৮ জন বুলি এক তথ্যত প্ৰকাশ পাইছে। অলপতে হোৱা এক সাক্ষাতকাৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড হৰ্ষবৰ্ধনে দেশবাসীক এক সকাহৰ বাৰ্তা দিয়ে। যি বাৰ্তা অনুসৰি তেওঁ কেতিয়ালৈকে দেশত কৰণাৰ ভেকচিন উপলব্ধ হব আৰু কাক প্ৰথমে এই ভেকচিন প্ৰদান কৰিব তাক সদৰি কৰে। দেশৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা মতে বৰ্তমান বিশ্বত ২৫০ টা কৰণা ভেকচিনৰ কোম্পানী আছে। ইয়াৰে আগশাৰী ৩০ টা ভাৰতবৰ্ষ লগত যোগাযোগ কৰি আছে। ২০২১ৰ তিনিমাহৰ ভিতৰতে সম্ভৱত ভাৰতে লাভ কৰিব কৰণাৰ ভেকচিন। আৰু ছেপ্তেম্বৰৰ ভিতৰত ২৫ৰ পৰা ৩০ কোটি ভাৰতীয়ক প্ৰদান কৰা হব কৰণাৰ ভেকচিন।

Comments (0)
Add Comment