Daily Time Axom

ফুটবলৰ কিংম্বদন্তি ডিয়েগ’ মাৰাডোনাৰ মৃত্যু। শোকস্তব্ধ বিশ্বৰ ফুটবল অনুৰাগী

0 15

বিশ্ব প্ৰসিদ্ধ ফুটবলাৰ ডিয়েগ’ মাৰাডোনাৰ বুধবাৰে আৰ্জেণ্টিনাত ৬০ বছৰ বয়সত মৃত্যু হোৱাৰ লগে লগেই অন্ত পৰে ফুটবলৰ এক স্বৰ্নিল অধ্যায়ৰ। প্ৰাপ্ত খবৰ অনুসৰি মৃত্যুৰ পাছতেই তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হয় কাছা ৰ’চাদালৈ য’ত তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনায় তেওঁৰ অসংখ্য অনুৰাগীয়ে। ইতিমধ্যে তেওঁৰ মৃত্যুৰ লগে লগে আৰ্জেণ্টিনাৰ প্ৰশাসনে দেশত তিনি দিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰিছে। সৰ্বকালৰ শ্ৰেষ্ঠ্য ফুটবলাৰ মাৰাডোনা আছিল আৰ্জেণ্টিনাৰ বাবে ৰাষ্ট্ৰীয় নায়ক। তেওঁৰ মৃত্যুত গুনমুগ্ধ তথা দৰ্শনাৰ্থীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ ক্ষেত্রত প্ৰশাসনে কভিড প্ৰটকল মানি বিশেষ ব্যৱস্থা লোৱা পৰিলক্ষিত হয়।

Leave A Reply

Your email address will not be published.