২ ডিচেম্বৰৰ অসম দিৱসৰ লগত সংগতি ৰাখি বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক প্ৰদান কৰা হব ২০২০ বৰ্ষৰ ছ্যু-কা-ফা বঁটা । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকায়ে সমাজ গঢ়াৰ ক্ষেত্ৰত বৰঙনি আগৱঢ়াই অহা এগৰাকী বিশিষ্ট ব্যক্তিক ২০১১ চনৰ প্ৰতি তিনি বছৰৰ মূৰে মূৰে এই বঁটা প্ৰদান কৰি আহিছে । ডিব্ৰুগড় জিলাৰ মৰাণৰ ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ঠংচিক এই বঁটা প্ৰদান কৰিব।