Daily Time Axom

১ ডিচেম্বৰত মুম্বাইত বিয়া পাতিব আদিত্য আৰু শ্বেতাই

0 18

ডিজিটেল ডেস্কঃ নেহা কক্কৰ আৰু আদিত্য নাৰায়ণৰ মাজত থকা প্ৰেমৰ সম্পৰ্ক ছ’চিয়েল মেডিয়াত এসময়ত বহুচৰ্চিত আছিল। কিন্তু এই সম্পৰ্কৰ কথা নেহাই মিছা বুলি প্ৰমাণ কৰি গায়ক ৰোহন প্ৰিত সিঙৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। নেহা আৰু ৰোহনৰ বিয়াৰ পিছতে এইবাৰ আদিত্য নাৰায়ণো বহিব বিয়াত। আদিত্যৰ কইনা হ’ব তেওঁৰ আগৰ প্ৰেমিকা শ্বেতা। আদিত্যই তেওঁৰ নিজা ইনষ্ট্ৰাগ্ৰাম একীউন্টৰ পৰা এই কথা জানিবলৈ দিয়ে। এই প’ষ্টটোত আদিত্যই এইদৰে লিখিছে যে, শ্বেতাৰ সৈতে ১১বছৰীয়া প্ৰেমৰ সম্পর্ক থকাৰ পিছত এতিয়া আদিত্যৰ জীৱন সংগী হ’বলৈ গৈ আছে শ্বেতা। অৱশ্যে তেতিয়া বিয়াৰ দিন ঠিক হোৱা নাছিল তেওঁলোকৰ। ১ ডিচেম্বৰত মুম্বাইতে বিয়া পাতিব আদিত্য আৰু শ্বেতাই। কভিড প্ৰটকল মানি চলি তেওঁলোকৰ বিবাহত থাকিব কেৱল পৰিয়ালৰে ৫০ জন সদস্য।

Leave A Reply

Your email address will not be published.