Daily Time Axom

অব্যাহত আছে কৃষক আন্দোলন

0 21

ডিজিটেল ডেস্কঃ এতিয়াও অব্যাহত আছে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰকাশিত কৃষি আইনৰ বিৰোধিতাৰে কৃষকসকলৰ আন্দোলন ।এই বিদ্ৰোহে সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে। বিদ্ৰোহী কৃষকসকলে বৰ্তমান দিল্লী বাৰ্ডত আন্দোলন স্থগিত ৰাখি পৰৱৰ্তী সময়ত আন্দোলন অব্যাহত ৰখাৰ প্ৰস্তুতি চলাইছে।এই আইন সম্পৰ্কীয় কথাত চৰকাৰে কৃষকসকলৰ সৈতে আলোচনাত বহিম বুলি কৈছে যদিও কৃষকৰ কোনো ধৰণৰ চৰ্ত মানি লবলৈ প্ৰস্তুত নহয়।ইয়াৰ মাজতে চৰকাৰে সিন্ধু বাৰ্ডত মেডিকেল চেক আপৰ ব্যৱস্থা কৰিছে য’ত কৃষক সকলক কৰোনা টেষ্ট কৰোৱা হ’ব। উল্লেখ্য যে স্বাস্থ্য পৰীক্ষাৰ বাবে সাজু হোৱা চিকিৎসকৰ দলটোৰ এগৰাকী চিকিৎসকে কভিড টেষ্ট কৰাটো ভাল কথা বুলি কয়। কাৰণ কোনো লোকৰ দেহত যদি এই ভাইৰাছ আছে তেন্তে ই অতি সোনকালে বিনাশকাৰীৰ ৰূপ ল’ব গতিকে কভিড টেষ্ট কৰাটো অতি জৰুৰী। আনহাতে সিন্ধু বাৰ্ডৰ সমান্তৰাল ভাৱে টিকৰী বাৰ্ডটো আন্দোলনকাৰী কৃষক জমা হৈ আছে। আন্দোলন কৰা ঠাইলৈ কৃষক সকলে ৰেচন পানী লৈ যোৱাৰ লগতে এক দীঘলীয়া যুঁজৰ বাবে সাজু হৈ উঠিছে।

Leave A Reply

Your email address will not be published.