Daily Time Axom

‘কপিল শৰ্মা শ্ব ২’ৰ পৰা বহিস্কাৰ কমেডিয়ান ভাৰতীক

0 12

ডিজিটেল ডেস্কঃ জনপ্ৰিয় কমেডিয়ান ভাৰতী সিঙ আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়াক NCB য়ে ড্ৰাগছ সেৱনৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল । তাৰ পিছৰ পৰাই চৰ্চাত আছে ভাৰতী আৰু হৰ্ষ । বৰ্তমান হৰ্ষ আৰু ভাৰতীৰ বেল হ’ল যদিও ‘কপিল শৰ্মা শ্ব ২’ ৰ পৰা ভাৰতীক বহিস্কাৰ কৰা বুলি খবৰ আহিছে । মেডিয়া ৰিপৰ্টৰ মতে চেনেলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও বৰ্তমানেও আনুষ্ঠানিক ভাৱে ঘোষণা কৰা নাই । ইফালে এই কথা শুনাৰ পাছতে ভাৰতীৰ সহযোগী কমেডিয়ান কৃষ্ণা অভিশেষে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কৃষ্ণাই কয় যে যদি ভাৰতীক ‘শ্ব 2’ পৰা বহিস্কাৰ কৰে তেন্তে আমি অৰ্থাৎ কপিল আৰু মই ভাৰতীৰ সমৰ্থনত থাকিম । ইয়াৰ লগতে অনাগত দিনত যিকোনো পৰিস্থিতিতে ভাৰতীৰ সমৰ্থনত থকাৰ কথা সদৰি কৰে জনপ্ৰিয় কমেডিয়ান গৰাকীয়ে ।

Leave A Reply

Your email address will not be published.